'ৰেন মৌ'ত আইচেংফাৰ স'তে নৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল তথা চিন্তাশীল যুৱক ত্রিদীৱ ভাগৱতী || EP 30

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 พ.ย. 2024

ความคิดเห็น • 230

  • @aichengfaboruah
    @aichengfaboruah  8 หลายเดือนก่อน +51

    নমস্কাৰ, মই আইচেংফা ...😊🙏
    আজি মোৰ মনত দোলা দি থকা কেইটামান কথা আপোনালোকৰ আগত প্রকাশ কৰোঁ দেই ...! প্রথমতে, বহুত ডাঙৰকৈ এটা ধন্যবাদ প্রতিগৰাকী সহযাত্রীলৈ, আমাৰ প্রতিটো খণ্ডক ইমান আলফুলকৈ মৰম দিয়াৰ বাবে ! প্রতিটো ক'মেন্ট পঢ়ি বুকুখন ভৰি যায়... সঁচাই ...! আপোনালোকৰ বহুজনে কয় যে TH-cam টো চাবলৈ মন নোযোৱাৰ সময়তে এনেধৰণৰ ভিডিঅ' Content এ আপোনালোকক পুনৰ TH-cam ৰ প্রতি সুস্থ ধাৰণা এটা গঢ়ি তোলাত 'যাত্রা'ই সহায় কৰিছে...! সেই কথা জানি আমি অত্যন্ত সুখী হৈছোঁ... কিন্তু তাতোকৈ বেছি সুখী হৈছোঁ এই কথা জানি যে ... দৰাচলতে, আপোনালোকৰ চিন্তাবোৰ ভাল, শুদ্ধ ... সেয়ে আমাৰ চিন্তাখিনি আপোনাসৱে আদৰিছে অতি হেঁপাহেৰে ! তাৰ মাজতে আপোনালোকৰ বহুজনৰ পৰা অনুৰোধ আহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীক অতিথি কৰি আনিবৰ বাবে ... আমাৰ সেই প্রচেষ্টা অব্যাহতও আছে... কিন্তু প্রতিগৰাকী শিল্পীয়েই যিহেতু ব্যস্ত হৈ থাকে , সেয়ে সকলোৰে সময় সুবিধাবোৰ মিলি গ'লেহে আপোনালোকৰ প্ৰিয় শিল্পীগৰাকীৰ স'তে অনুষ্ঠানটি সম্ভৱ হৈ উঠেগৈ ... লগতে আৰু এটি কথা হয় , মই মাহত তিনিটা বা চাৰিটা ভিডিঅ'হে প্রস্তুত কৰিব পাৰোঁ সেয়ে আপোনালোকৰ সকলোৰে প্রিয় শিল্পীগৰাকী 'ৰেন মৌ'লৈ আহোঁতে কিছু পলম হৈছে বা হ'ব ... যিহেতু মই চাকৰি এটিও কৰি আছোঁ লগতে অন্যান্য অনুষ্ঠানৰ স'তেও জড়িত হৈ থাকোঁ, সেয়ে সময়বোৰ ভাগ ভাগ কৰি ল'ব লগা হয়... কিন্তু কথা দিছোঁ, আপোনাসৱৰ প্রতিটো অনুৰোধ ৰক্ষা কৰাৰ আন্তৰিক প্রচেষ্টা এটা সদায় কৰি যাম... আপোনালোকৰ মন্তব্যবোৰ পঢ়ি কেতিয়াবা আবেগিকেই হৈ পৰোঁ‌ ...। দিনটো কাম কৰি আহি ৰাতি শোৱাৰ পৰত এই ধুনীয়া ধুনীয়া মন্তব্যবোৰেই হৈ পৰে মোৰ বাবে টোপনিৰ ঔষধ পালি...! আকৌ এটি ধুনীয়া সপোন দেখোঁ... তাৰপিছত পুৱা সতেজ হৈ পুনৰ এটি নতুনৰ আৰম্ভণি হয়...। 'নতুন' বুলি কওঁতেই মনলৈ আহিছে, ঘৰটোৰ নাম যে 'ৰেন মৌ' অর্থাৎ নতুন ঘৰ... সেই নতুন ৰ অর্থ কেৱল ঘৰটো বুলি বুজাবলৈ চেষ্টা কৰা নাই ... ইয়াত আপোনালোকৰো নতুন চিন্তাবোৰ যোগ হয়, অতিথি সকলৰ নতুন চিন্তাবোৰ যোগ হয় , লগতে ময়ো কিছু নতুন চিন্তা সংযোগ কৰিবলৈ প্রয়াস কৰোঁ । সেইবাবেই ঘৰটোৰ নাম ৰাখিছোঁ 'নতুন ঘৰ' বা 'ৰেন মৌ' !
    আমাৰ আজিৰ খণ্ডটিত ভাতৃ ত্রিদিৱ ভাগৱতীৰ চিন্তা-চেতনাক ইমান বেছি মৰম দিয়াৰ বাবে পুনৰ বাৰ আমি 'ৰেন মৌ' বাসীয়ে প্রতিগৰাকী শ্ৰদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ জনাইছোঁ অশেষ ধন্যবাদ ... সদায় কুশলে থাকক, হাঁহি থাকক ... শেষত সদায় কোৱাৰ দৰেই কওঁ, Stay tuned Jaatra with Aichengfa ! ♥️🙏

    • @aditikathar8321
      @aditikathar8321 8 หลายเดือนก่อน +2

      Oo 😊

    • @umeshgogoi6451
      @umeshgogoi6451 8 หลายเดือนก่อน +1

      Diganta Bharati dada.k anibo...

    • @umeshgogoi6451
      @umeshgogoi6451 8 หลายเดือนก่อน +1

      Diganta Bharati dada.k anibo...

    • @umeshgogoi6451
      @umeshgogoi6451 8 หลายเดือนก่อน +1

      Diganta Bharati dada.k anibo...

    • @bipulphukan9511
      @bipulphukan9511 5 หลายเดือนก่อน

      Nice 👍

  • @tridibbhagabati7339
    @tridibbhagabati7339 8 หลายเดือนก่อน +43

    মৰম শুভকামনাবোৰৰ বাবে আটাইলৈ অশেষ ধন্যবাদ❤

    • @youcan671
      @youcan671 8 หลายเดือนก่อน +2

      😊😊😊

  • @karabi-ek6de
    @karabi-ek6de 8 หลายเดือนก่อน +35

    এগৰাকী মাতৃ হিচাপে নিজৰ সন্তানক শিক্ষা দিব পৰাকৈ তোমাৰ পৰা বহু কথা শিকিলোঁ। ধন্যবাদ ভাইটি।

  • @chandramagogoi5982
    @chandramagogoi5982 8 หลายเดือนก่อน +20

    ভাল লাগিল অনুষ্ঠানটো।ত্ৰিদিৱ দা আমাৰ কটনৰ চিনিয়ৰ।তেওঁৰ চিন্তা-ধাৰা সদায় শলাগনীয়।তেওঁ আৰু আগবাঢ়ি যাওঁক তাকেই বিচাৰোঁ।👍

  • @deeprajgogoi1822
    @deeprajgogoi1822 8 หลายเดือนก่อน +19

    বয়স হলেও। বেছি হোৱা নাই বাৰু । 40 মান হৈছে। কিন্তু এনেকৈ উঠি অহা অসমীয়া মানুহৰ পৰা বহু শিকিছোঁ। ভাল লাগে আৰু নিজৰ লগতে আন দহ জনক উৎসাহ দিবলৈ সাহস আৰু বেছিকৈ পাইছোঁ। কাম কৰি যাবলৈ। ধন্যবাদ ৰেন মৌ।

  • @mjchetia386
    @mjchetia386 8 หลายเดือนก่อน +10

    ত্ৰিদিৱ দা নতুন প্ৰজন্মৰ এটা ভাল নক্ষত্ৰ। সমাজ খনক সদায় পোহৰাই ৰাখক। মানৱ সম্পদ সমাজে গঢ়ে আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। আগুৱাই যাওঁক সৎ, সততা, নিষ্ঠাৰে নতুন প্ৰজন্মৰ আদৰ্শ আৰু সাহস, প্ৰেৰণা হওঁক। বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। আমি অনুসৰণ কৰোঁ আপোনালোকক।

  • @niharikastory1481
    @niharikastory1481 8 หลายเดือนก่อน +14

    এনেধৰণৰ অনুষ্ঠান খুবেই ভাল লাগে । যʼত অতিথিজনক কথাবিলাক কবলৈ সুবিধা দিয়া হয় । নহলে তু আজিকালি অনুষ্ঠানবোৰত যি গৰাকীয়ে আঁত ধৰে তেওঁ এ বেছিকৈ কথা কৈ থাকে ।

  • @jasinthdeka482
    @jasinthdeka482 8 หลายเดือนก่อน +10

    খুব সুন্দৰ অনথষ্ঠান।ত্ৰিদিব ভাগৱতীলৈ বহুত শুভেচ্ছা থাকিল।ত্ৰিদিবৰ কথাবোৰ বহুত ভাললগা।ত্ৰিদিব ৰাহুলৰ ল'ৰাবোৰ অসমৰ বাবে ডাঙৰ সম্পদ।

  • @karabi-ek6de
    @karabi-ek6de 8 หลายเดือนก่อน +8

    Oh my god কি ধুনীয়া অ কবিতাটো। মাজে মাজে গানটো গাই দিছে আইচেংফাই আৰু সোনত সোৱগা হৈছে।

  • @swarnabhajani6884
    @swarnabhajani6884 8 หลายเดือนก่อน +24

    বঢ়িয়া।মগজু পখালিব পৰা ত্ৰিদিব ভাগৱতীৰ কথা।
    তেওঁ‌ৰ মংগল হওক ।

  • @jintuborah576
    @jintuborah576 8 หลายเดือนก่อน +5

    ত্ৰিদীপ দা তুমি সঁচাকৈ বহুত সাহসী ,তুমি আগুৱাই যোৱা লগতে নিজৰ জীৱনৰ লগতে অসমৰ সকলো মূল্যবান কাম বোৰ তুমি নিয়াৰিকৈ কৰা ,কৰিব লাগিব ।তুমি এটা জাতীয় সম্পদ ,মানৱ সম্পদ সকলো । বহুত কৰিব লগীয়া কাম আছে তোমাৰ । নিজৰ লগতে সদায় সকলো দিশ আগুৱাই লৈ যোৱা, নিজৰ দেহ টো প্ৰতি ও যত্ন লবা সদায়।

  • @moureensvlogandworld225
    @moureensvlogandworld225 8 หลายเดือนก่อน +6

    সাক্ষাৎকাৰবোৰ এইধৰণৰ ব্যক্তিক লৈয়ে হ'ব লাগে।এন্টাৰটেইনমেন্ট বহুত হ'ল।ভাল পালো।

  • @priyankamedhi2414
    @priyankamedhi2414 4 หลายเดือนก่อน +1

    অনুষ্ঠানটো চাই বহু কথা শিকিলো আৰু বহু শিকিব বাকীও আছে❤️Tridib দা অসমীয়া সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ হৈ ৰক❤️👍👍👍

  • @funusenapoti9220
    @funusenapoti9220 8 หลายเดือนก่อน +6

    আইচেংফা তোমাৰ এই যাত্ৰা অনুস্থানত সময় উপযোগী নৱ প্ৰজন্মৰ এজন যুৱক নিমন্ত্ৰণ কৰি আনি খুব সুন্দৰ বিষয় কেইটামান আলোচনা কৰিলা য'ত মই বিশেষকৈ জানিব পাৰিলো। তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ। ত্ৰিদিৱ ভাগৱতী লৈ মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা থাকিল, আগন্তুক দিনবিলাকত তেওঁ যেন আগুৱাই যাওঁক।

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 4 หลายเดือนก่อน +1

    সঁচাই এটা বৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিলোঁ তৃদ্বীপ ভাগৱতী আমাতকৈ বয়সত সৰু যদিও তেওঁৰ চিন্তা ধাৰা বহুত উপৰত কথা কোৱাৰ ভংগিমা সঁচাই অতুলনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ ইমান সুন্দৰকৈ দিছে ভাল লাগিল আজিৰ পৰা এজন আদৰ্শ ব্যক্তি হিচাপে বাচি লৈছো আগুৱাই যাওক জীৱনৰ বাটত নিজৰ উন্নত চিন্তাধাৰাৰ আৰু বিকাশ হওঁক তাকে কামনা কৰিছোঁ

  • @porismitabora6556
    @porismitabora6556 7 หลายเดือนก่อน +1

    বহুত ভাল লাগিল।

  • @birajjyoti3222
    @birajjyoti3222 8 หลายเดือนก่อน +8

    ঘৰখনেই চৰিত্ৰবোধৰ/ ভাষা গঠনৰ,, প্ৰথম পঢ়াশালি।

  • @purnakalita-yu4xf
    @purnakalita-yu4xf 8 หลายเดือนก่อน +6

    এই যাত্ৰা আগুৱাই যাওঁক।
    প্ৰতিটো খণ্ড চাই আছোঁ খুব ভাল হৈছে আৰু ভাল হওঁক । ❤

  • @nishantakdas07
    @nishantakdas07 8 หลายเดือนก่อน +6

    "Tridip Bhagabati" will be a big name in the future,Mark my words.
    Best wishes to him 🌸❤️

  • @santimoni7949
    @santimoni7949 7 หลายเดือนก่อน +2

    বৰ সুন্দৰ । ত্ৰিদীপৰ দৰে যুৱক নতুন প্ৰজন্মৰ আৰ্দশ হওঁক💐

  • @bhupenkalita2556
    @bhupenkalita2556 4 หลายเดือนก่อน +2

    Tridip.Vagoboti Long live you,

  • @jibeshkrb529
    @jibeshkrb529 8 หลายเดือนก่อน +4

    সঁচাকৈয়ে বহুতেই ধুনীয়া 👌👌
    বহুত বেছি লিখিব বা কʼবলৈ নাযাও......
    অত্যধিক অধ্যয়নে মানুহৰ জ্ঞান বঢ়ায় আৰু সেই জ্ঞান-ধাৰনাবোৰে মানুহজনৰ চিন্তাবোৰক বহুত বেছি ওপৰলৈ লৈ যায়, শেষত ত্ৰিদীৱলৈ অশেষ ধন্যবাদ জনায় তেখেতৰ সপোনবোৰ পুৰন হওঁক তাৰেই কামনা কৰিলোঁ।।

  • @gitikadevchoudhury8773
    @gitikadevchoudhury8773 8 หลายเดือนก่อน +3

    বহুত ভাল লাগিল। এই অনুষ্ঠানটো খুউব সুন্দৰ হৈছে। অইচেংফাৰ কথা সোধা আৰু কোৱাখিনি খুউব সুন্দৰ। ত্ৰিদিপলৈ বহুত শুভেচ্ছা। তেওঁৰ প্ৰত্যেক টো অনুষ্ঠান চাও। আমাৰ মনৰ কথাবোৰ বৰ সুন্দৰ কৈ কয়❤

  • @ckctube
    @ckctube 8 หลายเดือนก่อน +2

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
    অতি উত্তম অনুষ্ঠান। মন হৃদয় আনন্দেৰে পৰিপূৰ্ণ নহৈ নোৱাৰিলে। ৱাহ্! অসমৰ সুসন্তান, এজন প্ৰকৃত অসমীয়া। নামেই যাৰ পৰিচয়- ত্ৰিদীৱ ভাগৱতী।
    আমি শুনিব লাগে, শুনি শিকিব লাগে। এনে বক্তাই জ্ঞানৰ পোঁহৰ বিলাই চৌদিশ উজলাই তোলে। অসম আৰু অসমীয়াক চহকী কৰে।
    আহঁক, আমি সকলো 'অসমীয়া' হওঁ।
    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @deepjyotisaikiasaikia3514
    @deepjyotisaikiasaikia3514 8 หลายเดือนก่อน +102

    Anekua podcast bur saaley nijokey bohut gaadho gorutur nisina he laagey..... Ki nu Kori asu jaanu jibon Tut..... Mur eke logor lora hobo aijon..... Kintu aijon a ki Kori ase aru koi asey.... Aru moi ki Kori asu aru koi asu....... Raam raam...... Moi borbaad....🥺🥺🥺........ Proud of you my boy...❤️💪❤️.....
    Thanks to all of you for so much of adoration and nourishment...... It means a lot to me..... Thankyou so much...🙏❤️🙏

    • @deulankhui
      @deulankhui 8 หลายเดือนก่อน +16

      Read books that's the only power at present time

    • @handloom1621
      @handloom1621 8 หลายเดือนก่อน +17

      মন টো ভাল হলেই হ'ল। এই লৰাজনে কিতাব পঢ়িছে, কথা ক'ব জানে। হয়তু ৰাজনীতিৰ প্ৰতি আকর্ষণ আছে।
      তুমি এনেকৈ ভাবিছাঁ যে সেইটোৱেই বুজাই যে তোমাৰ মনটো ভাল আৰু ভাল কৰিব পাৰিবা । অন্তৰখন ভাল হ'লে আৰু সঁচাত থাকিলে চব কৰিব পাৰিবা। All the best

    • @rajibborah8894
      @rajibborah8894 8 หลายเดือนก่อน +6

      Enekua podcast bur aamak lage... Thank you Aaisengfa baa... Vobisyotor ekujon budhhijibi... Rahul gautam sharmah, Tridip bhagabati ❤️‍🩹

    • @udipta72
      @udipta72 8 หลายเดือนก่อน

      ​@@rajibborah8894seriously কিন্তু গাহৰি লাই বনাই resturent খানা জুতি লৈ ফুৰা ঘূৰি ফুৰা দলী গোসাঁনী কান্ধত লৈ ফুৰা দেউতাক মৃত্যু ব্লগ বনাই ৱাঃ ৱা লোৱা মানুহ view আৰু subruciber বেছি। অনেহেন ধনাত্মক video 📷 প্ৰতি মানুহৰ ৰুচিবোধ কম। হাই মানুহ। আগুৱাই যাওক মই কিন্তু নতুন video বাবে সদায় wait 🫸🏼 কৰি থাকো

    • @karabi-ek6de
      @karabi-ek6de 8 หลายเดือนก่อน +3

      Bujije paisa heiyai bht.... Bhal hbo tmru...

  • @Basanta_Official1
    @Basanta_Official1 7 หลายเดือนก่อน +3

    নৱপ্ৰজন্মৰ উজ্জ্বল নক্ষত্ৰ❤🎉

  • @nabadas2528
    @nabadas2528 7 หลายเดือนก่อน +2

    সুন্দৰ বক্তব্য। তোমাৰ উজ্বল ভবিষ্যত হৃদয়েৰে কামনা কৰিলো ❤

  • @dipankarhazarika5213
    @dipankarhazarika5213 8 หลายเดือนก่อน +35

    যাত্ৰা, অনুষ্ঠানটো আগুৱাই যাওক।
    ত্ৰিদীপ,ৰাহুলৰ দৰে সম্পদ আমাক লাগে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 8 หลายเดือนก่อน +1

      ত্ৰিদীপৰ দৰে সম্পদ আমাক লাগে।

  • @dipjyotiborgohain8771
    @dipjyotiborgohain8771 8 หลายเดือนก่อน +7

    অসমৰ এজন প্ৰতিভাশালী সুনাগৰিক

  • @PrayashiHazarika-nt8me
    @PrayashiHazarika-nt8me 8 หลายเดือนก่อน +9

    বা কি কম , ক'ৰ'বাত যেন হেৰাই যোৱা জাতীয়তা বোধ তোমাৰ এই অনুস্থানৰ জৰিয়তে বিচাৰি পাইছো। এই যাত্ৰা সদায় অব্যাহত থাকক। বৰ্তমান প্ৰেক্ষাপটত এনেকুৱা অনুস্থানৰ প্ৰাসংগিতা বহুত বেছি।

  • @mjchetia386
    @mjchetia386 8 หลายเดือนก่อน +2

    আইছেংফা বা এনেকৈ আগুৱাই লৈ যাঁওক । সংখ্যা কম হলেও একো নহয় ।গুৰুত্ব পাওঁক সকলো স্তৰৰ নতুন প্ৰজন্মই । যাতে আপোনাৰ অনুষ্ঠানটো পিছৰ প্ৰজন্মই চাই উপকৃত হব পাৰে। এটা ভাল চৰ্চাৰ অনুষ্ঠান এনেধৰণৰ চৰ্চা বোৰ অব্যাহত থাকিব লাগে। ভাল বোৰ ৰৈ যাব ,বেয়া বোৰ লুপ্ত হব। আপোনালৈ বহুত বহুত মৰম শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। সদায় ভালে থাকক সুখী হৈ থাকক। সু স্বাস্থ্যৱান হৈ সদায় মনৰ শক্তিৰ পৰা ডেকা হৈ তৰুণ হৈ থাকক। ১২/১৮ ‍ ঘণ্টা কামৰ মাজত আপোনাৰ অনুষ্ঠানৰ লগত সময় কটাও, জানিবলৈ , শিকিবলৈ, উপলদ্ধি কৰিবলৈ।

  • @mukulbarma
    @mukulbarma 8 หลายเดือนก่อน +4

    অনুষ্ঠান আৰু অতিথি নিৰ্বাচন সুন্দৰ হৈছে। ত্ৰিদিপ আৰু আইচেংফালৈ শুভকামনা।

  • @দৰ্শক
    @দৰ্শক 8 หลายเดือนก่อน +6

    অনুষ্ঠানটোৰ যাত্ৰা দূৰ দিগন্তৰ হওক ।
    আৰু ত্ৰিদীৱ দাৰ পৰা উদ্ভৱ হোৱা চিন্তাৰ সত্বাটো অমৰ হওক ।🙏

  • @mathsbychannasir9871
    @mathsbychannasir9871 8 หลายเดือนก่อน +5

    এনেকুৱা প্ৰতিভাৱান মানুহৰ শ্বো চাই শিকিব পাৰি শিকাৰ হেপাহ বাঢ়ে ।
    বহুত ভাল লাগিল ❤

  • @DipankarKachari-o9v
    @DipankarKachari-o9v 8 หลายเดือนก่อน +4

    সুন্দৰ অনুষ্ঠান। চাই খুবেই অনুপ্ৰাণিত হলো । দাদৰ কথা খিনি বহুত ভাল লাগিল। সুন্দৰ মনৰ সুন্দৰ চিন্তাৰ এজন ব্যক্তি । Big fan হৈ গলো দাদা।

  • @bastobkalita6328
    @bastobkalita6328 4 หลายเดือนก่อน

    প্ৰিয় অনুষ্ঠান এইটো। Tridib দা যদিও বয়সত বহুত সৰু কিন্তু চিন্তাৰে বহুত আগবঢ়া। এনেকুৱা সম্পদ অসমক লাগে। ৰাহুল দা আৰু তৃদ্বীপ দাই ইচ্ছা কৰিলে অনাগত বৌদ্ধিক জগতখনলৈ পৰিৱৰ্তন আনিব পাৰিব। দুয়োজনলৈকে শুভেচ্ছা জনালোঁ।

  • @Chintumanihazarika
    @Chintumanihazarika 8 หลายเดือนก่อน +12

    ত্ৰিদীৱ দাৰ কথা,যুক্তি আৰু চিন্তা-চেতনা বহুত ভাল লাগে।মোৰ বিশ্বাস আমি প্ৰায় প্ৰতিগৰাকী নৱপ্ৰজন্মই যদি এই মন আৰু চিন্তাৰে কাম কৰোঁ,সেয়া অসমৰ বাবেই অত্যন্ত অনুকূল হ'ব,এককথাত অসম, অসম হৈ থাকিব❤

  • @hirakdas4212
    @hirakdas4212 7 หลายเดือนก่อน +1

    এই যাত্ৰা বহুত দূৰলৈ যাওক। বহুত সুভকামণা। কিমান ধুনীয়া চিন্তা - আদৰ্শ। বহুত আগুৱাই যোৱা Tridip....

  • @DiSaTLC
    @DiSaTLC 7 หลายเดือนก่อน +8

    Rahul,Tridip aulukor abhibhabokok aru Axom Jatiyo Bidyalaya r xikhok-xikhyotrik jen mate..ami janibo bisaru keneke aulukok dangor korise..upcoming parents xokolur babe bohut bhal hobo..

    • @boro3775
      @boro3775 2 หลายเดือนก่อน

      Parents or upbringing or babe hua naai. Parenting give them study habit may be.
      But Teuluk ajb r porai beleg chinta dhari asil. Cotton e change kori dile rest.

  • @Rijuwanasaikia
    @Rijuwanasaikia หลายเดือนก่อน

    ইমান সুন্দৰ অনুষ্ঠান এটিৰ অংশীদাৰ মই কিয় ইমান দেৰিকৈ হ’লোঁ৷তাৰবাবে নিজেই অনুতপ্ত

  • @mamonidevi617
    @mamonidevi617 8 หลายเดือนก่อน +2

    Birat dhunia lagil 2 jonekei morom jonalu Tridip bhaiti tumar monor bancha puron houk takei kamona korilu

  • @karabi-ek6de
    @karabi-ek6de 8 หลายเดือนก่อน +8

    আইচেংফাৰ অতিথি কেইজন বৰ সাংঘাটিক। মন মগজু হিলাই দিয়ে। ইমান কথা শিকিব পাৰি। ৰাহুলৰ prodcust টো কি যে ভাল লগা। লৰাটোৱে ঠিকে কৈছে আইচেংফাৰ প্ৰগেমতে কথাবোৰ মন খুলি সকলোৱে কয়। একদম সঁচা কথা। চেনেলটো সদায় সজীৱ হয় থাকক। বৰ ষ্টেণ্ডাৰ্ড চেনেল। ❤বাকী আইচেংফাজনী কিয় ইমান ধুনীয়া? 😍

    • @dhrubadas7656
      @dhrubadas7656 8 หลายเดือนก่อน

      Aponar o kthalhini km dhunia nhy kintu..mor magajuto sali thka kthalhini apuni knk jnile he 😆😆😆

    • @karabi-ek6de
      @karabi-ek6de 8 หลายเดือนก่อน

      @@dhrubadas7656 হয় নিকি

  • @BD12348
    @BD12348 8 หลายเดือนก่อน +5

    অনাগত দিনৰ এটি নক্ষত্ৰ।আগুৱাই যোৱা বহুদূৰ।

  • @binoysinghgour4230
    @binoysinghgour4230 8 หลายเดือนก่อน +3

    ত্ৰিদীপৰ চিন্তাধাৰা বহুত ভাল। তেওঁৰ দৰে চিন্তা কৰা ব্যক্তি ৰাজনীতিত আহিলে। অসম আগুৱাই যাৱ।

  • @pranabborthakur5372
    @pranabborthakur5372 8 หลายเดือนก่อน +5

    Jatra anusthan sai monot anekuwa lagil, kune koi assam hompodar dukhiya buli, moi kom, assamot "Rshul" aru "Tridipor"dore hompod atiyau. ase.

    • @axom_television_official
      @axom_television_official 8 หลายเดือนก่อน

      Apunar hoite ...akmot moiii

    • @DiSaTLC
      @DiSaTLC 7 หลายเดือนก่อน

      Axomiya xompod agoteu asil aru agoleu thakibo..ami Axomiya bure belegor dore keu keu meu meu k nathaku nijoke jona-ustadi dekhabole..gyani manuhe mone mone kaam kore..brihot gos adal mone mone dangor hoi aku xobdo nokora koi..most classic people are the “khilonjio axomiya” on earth..agote pratibha bur raijor usoroloe aha madhyom khub kom asile..kintu atia gutei Bharat aru logote Bishwa u jona hobo lahe k ami kun..kebol ami sobe milon xohokare thoka tu usit..

  • @sauravgogoi1471
    @sauravgogoi1471 8 หลายเดือนก่อน +7

    He is the upcoming voice of New Generation of Assam, God Bless#👌🏼👏😇

  • @dipakgogoi4266
    @dipakgogoi4266 6 หลายเดือนก่อน +1

    Rengmoi Tumi aguai jua eiejatrat hodai bighini hunyo houk

  • @silpiranibhagawati5558
    @silpiranibhagawati5558 6 หลายเดือนก่อน +1

    আমাৰ দেশৰ সম্পদ এওলোক❤️কি সাংঘাতিক চিন্তাধাৰা❤️

  • @kamalmahanta1452
    @kamalmahanta1452 8 หลายเดือนก่อน +3

    যাত্ৰাৰ যাত্ৰা সদায় আগোৱাই যাওক আৰু আপোনাৰ জৰিয়তে সদায় নতুন নতুন বেক্তিৰ কথা বোৰ যেন শুনিব পাও তাকে কামনা কৰিলো বা ।

  • @KalpanaDevi-h2q
    @KalpanaDevi-h2q 8 หลายเดือนก่อน +4

    ইমান মনোমোহা অনুষ্ঠান উপভোগ কৰোৱাব বাবে বহুত বহুত ধন্যবাদ । আগলৈও এনেকুৱা অনুষ্ঠানলৈ বাট চাই থাকিম ।❤❤

  • @arupkachari1432
    @arupkachari1432 7 หลายเดือนก่อน +1

    ত্ৰিদীপ ভাগৱতী মোৰ অতি প্ৰিয় বন্ধু হিচাপে মনত ৰাখিছো। তেওৰ কথনশৈলী লগতে অধ্যয়ন বাঃ ভাষা নাই।। তেওক লৈ সপোন দেখো মই ব্যক্তিগত ভাবে কিয় নাজানো এদোখৰ জেগাত তেওক দেখি থৈছো। আশা কৰো

  • @KaSiYali
    @KaSiYali 8 หลายเดือนก่อน +9

    বৰ মৰমলগা ল'ৰা।উঠি অহা ল'ৰা-ছোৱালীসকলক এনেধৰণৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱা দেখি মনটো ভৰি উঠে❤শুভেচ্ছা থাকিল।

  • @কবিতাৰসুবাস
    @কবিতাৰসুবাস 6 หลายเดือนก่อน +1

    বহুত উপকৃত হলোঁ আপোনালোকৰ বাৰ্তালাপ চাই ।

  • @asthajitadeka4290
    @asthajitadeka4290 8 หลายเดือนก่อน +8

    অসমৰ সম্পদ এওলোক ভগৱানে সদায় ভালে ৰাখক ❤

  • @swapnaligogoi4192
    @swapnaligogoi4192 8 หลายเดือนก่อน +2

    Bor Hundor , Sai huni hepah npolai ren mou r otithi aru tumar kotha botora...

  • @prasantasaikia5333
    @prasantasaikia5333 8 หลายเดือนก่อน +1

    আলোচনা খিনি ভাল লাগিল শুনি সঁচাকৈ বহুত দুয়োকে শুভকামনা জনাইছোঁ।

  • @nanditadutta6770
    @nanditadutta6770 8 หลายเดือนก่อน +3

    ত্ৰিদিপ ভাগৱতীৰ কথাবোৰ শুনি ভাল লাগিছে।উজ্জ্বল ভৱিষ্যত আশা কৰিলো।❤❤❤

  • @purbachangmai2704
    @purbachangmai2704 4 หลายเดือนก่อน

    আইচেংফা বা,"ৰেন মৌৰ" প্ৰতিটো খণ্ড ধনাত্মক আৰু সৃষ্টিশীল চিন্তাৰাজিৰ এক ধুনীয়া প্ৰতিফলন।ইমান কৌশল পূৰ্ণ ইমান ধুনীয়াকৈ প্ৰশ্নবোৰ সোধে আপুনি বহুত ভাল লাগে বা।
    আৰু অসমীয়া ভাষাতো ইমান সাৱলীলভাৱে উপস্থাপন কৰিছে বহুত ভাল লাগিল।
    লগতে
    ত্ৰিদিপ ভাগৱতী দাদাৰ প্ৰতিটো শব্দৰ অনুৰাগী। ভৱিষ্যতৰ এক সম্ভাৱনা আপুনি।
    "যাত্ৰা" দীৰ্ঘজীৱি হওঁক ।

  • @punyashreedas1617
    @punyashreedas1617 8 หลายเดือนก่อน +3

    Jatra loi bahut Thanks...new generation or upcoming Baktik amar majoloi lou aohar babe..bahut morom aru suvo kamona..

  • @hirakkalita3559
    @hirakkalita3559 6 หลายเดือนก่อน +1

    Mojaaaa love from Tamulpur !! Aaru joy Zubeen da

  • @jutikamech-r4m
    @jutikamech-r4m 8 หลายเดือนก่อน +4

    আপোনাৰ অনুষ্ঠান টি চাই বৰ ভাল লাগে বা।আজি ও ভাল লাগিছে। আপুনি আগ বাঢ়ি যাওক

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 8 หลายเดือนก่อน +3

    আইচেংফালৈ বহুত বহুত ধন্যবাদ এইবোৰ অনুস্থানৰ বাবে।

    • @jatinrajbongshi5164
      @jatinrajbongshi5164 7 หลายเดือนก่อน

      মোৰ যদি ভূল হোৱা নাই আইচেংফাই বহুত বছৰ আগতে কহিনুৰ থিয়েটাৰত অভিনয় কৰা নাছিল জানো‌? যতীন বৰাৰ লগত।

  • @priyojonorbandhun
    @priyojonorbandhun 8 หลายเดือนก่อน +4

    আইচিংফা তোমাৰ এই "যাত্ৰা" অনুষ্ঠানৰ মই এগৰাকী তোমাৰ সহযাত্ৰী প্ৰতিটো অনুষ্ঠানৰ।আজি দিনটোত মই দুটা খণ্ড চালো।ইমানেই ভাল পালো ভাষাৰে বুজাব নোঁৱাৰো তোমাক ।"যাত্ৰা"ৰ পৰিধি বৃদ্ধি হওঁক ।আৰ্শীবাদেৰে। ডুমডুমাৰ পৰা তোমাৰ "যাত্ৰা" অতিথি।🙏🙏🙏

  • @AijoneePori
    @AijoneePori 8 หลายเดือนก่อน +2

    খুব ভাল ।আলোচনা বোৰ এনে হ'ব লাগে।

  • @chandanadeka8599
    @chandanadeka8599 8 หลายเดือนก่อน +3

    বৰ সুন্দৰ অনুষ্ঠান।ল'ৰাজন আগুৱাই যাওক।

  • @imtanmaykalita
    @imtanmaykalita 8 หลายเดือนก่อน +3

    সুন্দৰ❤️
    জয় আই অসম

  • @ritamazumdar696
    @ritamazumdar696 8 หลายเดือนก่อน +3

    ত্ৰিদীপলৈ বহুত বহুত শুভেচ্ছা থাকিল ।আগুৱাই যোৱা তুমি

  • @mayuribaruah571
    @mayuribaruah571 8 หลายเดือนก่อน +3

    আন্তৰিক শুভকামনা জনালোঁ ৷এনেদৰে আগবাঢ়ি যাওক ৷আমি যথেষ্ট আশা কৰোঁ ৷

  • @nayanjyotidas-lo1qi
    @nayanjyotidas-lo1qi 8 หลายเดือนก่อน +6

    ৰেন মৌ মানে নতুন ঘৰ কিন্তু মোৰ মনত আৰু এটা নাম আহিছে.."জ্ঞানৰ ভৰাল "

  • @harendoley2957
    @harendoley2957 5 หลายเดือนก่อน +1

    Love from Sivasager ❤

  • @jyotidas2063
    @jyotidas2063 8 หลายเดือนก่อน +4

    সুন্দৰ অনুষ্ঠান চাই বৰ ভাল লাগিল

  • @pranjitbarmanvlogs
    @pranjitbarmanvlogs 7 หลายเดือนก่อน +1

    Bohut bhal lagil kotha bur. Ajikalir rajneeti barter system 👌

  • @manmayuri2001
    @manmayuri2001 6 หลายเดือนก่อน +1

    Xub dhuniya podcast ❤

  • @jatinrajbongshi5164
    @jatinrajbongshi5164 8 หลายเดือนก่อน +5

    আইচেংফাৰ অনুস্থান বোৰ চাই বহুত বেছি ভাল লাগে।

  • @dibakarphukan8536
    @dibakarphukan8536 8 หลายเดือนก่อน +3

    বৰ সুন্দৰ বিশ্লেষণ ত্ৰিদীপ দা ❤

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 8 หลายเดือนก่อน +3

    He is a talented boy . ❤❤

  • @nabanitasaikia8749
    @nabanitasaikia8749 8 หลายเดือนก่อน +4

    যাত্ৰা সদাই আগুৱাই যাওক ❤❤❤ত্ৰিদীপলৈ আন্তৰিক শুভ কামনা থাকিল

  • @khanindrabezbaruah9455
    @khanindrabezbaruah9455 8 หลายเดือนก่อน +2

    Vaal lagil show tu saw hodai.. At least hak khuwa vat khuwa kotha pati time waste kora nai,Jitu ajikali bohute kore.
    Anekuwa kotha bure aopokiyakoi holew eta sinta jogai tulibo bohutor monot.
    Apunar aii prosestha hofol houk.

  • @ranjugogoi4117
    @ranjugogoi4117 8 หลายเดือนก่อน +3

    The best one

  • @karabi-ek6de
    @karabi-ek6de 8 หลายเดือนก่อน +7

    মই গৰ্বিত আমি অসমীয়া, অসমীয়া মাধ্যমৰ ছাত্ৰী আছিলোঁ ❤

  • @dimpulsonowal6637
    @dimpulsonowal6637 8 หลายเดือนก่อน +2

    Agor poraiye tridip Vagabatir
    anusthan saw bohut val lage. Teu ajon bohu giyanor aodhikari

  • @koustubh8117
    @koustubh8117 8 หลายเดือนก่อน +2

    বহুত ভাল লাগে।

  • @dipjyoti2000
    @dipjyoti2000 8 หลายเดือนก่อน +2

    Same age or ami.. But tridib a ki kri ase ru ami ki kri furisu nijoke question kribo loga hoise podcast Tu sai... Val houk tmr, aguwai jua

  • @ChayankHazarika
    @ChayankHazarika 8 หลายเดือนก่อน +2

    We need more regionalistic Jatiyotabadi leaders like him.

  • @RuwadMigom
    @RuwadMigom 8 หลายเดือนก่อน +4

    Big fan Tridib da from Mising community 🎉❤

  • @purnanathborah2729
    @purnanathborah2729 8 หลายเดือนก่อน +2

    মন ভৰিল সাক্ষাৎকাৰটো চাই ৷

  • @ultimatecreation....
    @ultimatecreation.... 8 หลายเดือนก่อน +3

    Uffff......❤❤❤Nuwari aku kobo

  • @dhanjitpathak5589
    @dhanjitpathak5589 8 หลายเดือนก่อน +2

    সচাকৈ বৰ সুন্দৰ লিখনি ❤❤❤❤

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 6 หลายเดือนก่อน +2

    11:11
    তেওঁৰ শব্দ আৰু আপোনাৰ কণ্ঠ! উফ্🤍

  • @shyamaljitsarmah6216
    @shyamaljitsarmah6216 8 หลายเดือนก่อน

    All people are saying about the shortcomings but no one has a real and practical solution to any problem. We need someone who has solutions and not a cry baby. May mur AAI AXOM nourishes and find it's true potential. Joi Aai Axom🙏🙏🙏

  • @kusumsarma6702
    @kusumsarma6702 8 หลายเดือนก่อน +4

    মনৰ মানুজন,শেষ কৰি চামে❤❤❤

  • @nostalziamithundas9332
    @nostalziamithundas9332 8 หลายเดือนก่อน +2

    Very good episode ever

  • @নিয়ৰদুৱৰি
    @নিয়ৰদুৱৰি 5 หลายเดือนก่อน +1

    👏👏👏

  • @bikash9820
    @bikash9820 8 หลายเดือนก่อน +1

    সুন্দৰ সম্পাদকীয়

  • @ratikantamili.5442
    @ratikantamili.5442 7 หลายเดือนก่อน +1

    Bohut val lagile.....pragram tu sai dai.......

  • @lizaborthakur8432
    @lizaborthakur8432 8 หลายเดือนก่อน +2

    Eman hundar aluchona bahu bhal lagil

  • @SOURAVJYOTI-d5h
    @SOURAVJYOTI-d5h 8 หลายเดือนก่อน +2

    বহত ভাল লগিল

  • @dimpakakati2301
    @dimpakakati2301 7 หลายเดือนก่อน +1

    Ujjol bhobisyat kamona korilu tumar❤

  • @gayatryborthakur2769
    @gayatryborthakur2769 8 หลายเดือนก่อน +3

    Kotha bur suni bor bhal lagile

  • @chaosouravjyotigogoi9508
    @chaosouravjyotigogoi9508 8 หลายเดือนก่อน +3

    নৱপ্ৰজন্মৰ বাবে এটি গুৰুত্বপূৰ্ণ Podcast.প্ৰয়োজন আছে যুক্তি আৰু চিন্তা চৰ্চাৰ বোৰৰ।