NAGARA NAAM SENSATION KARISHMA NATH AT ND24 STUDIO | CHAKRAPANI PARASHAR | GANASANJOG

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • 🛑 হঠাৎ ভাইৰেল এটা ভিডিঅ’
    🛑 বিভিন্ন ভংগিমাৰে পৰিৱেশন কৰিছে নাগাৰা নাম
    🛑 চাৰিওফালে এতিয়া ছিপাঝাৰৰ কৰিশ্মা নাথৰ চৰ্চা
    🛑 পোনপ্ৰথমবাৰৰ বাবে ND24ৰ ষ্টুডিঅ’ত
    🛑 কৰিশ্মা নাথ আৰু সংগীবৃন্দ EXCLUSIVE
    🛑 চক্ৰপাণি পৰাশৰৰ সৈতে ‘গণসংযোগ’
    #karishmanath #nagarakirtan #nagaranaam #viralvideo #viral #talkshow
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam

ความคิดเห็น • 1.4K

  • @priyankasaikia5302
    @priyankasaikia5302 ปีที่แล้ว +197

    কলি যুগত হৰি নামেই গতি,,,,,, শংকৰদেৱৰ সেই ভবিষ্যতবাণী আজি আখৰে আখৰে,,,,,আজি ঘৰে ঘৰে হৰিনামৰ ধ্বনি বাজি উঠক,,,,, আকৌ গঢ়ি উঠক সেই শংকৰ মাধৱৰ সোনৰ অসম,,,,,নাগাৰা নাম মোৰ প্ৰিয় ❤️❤️❤️

    • @bhaskarhazarika1822
      @bhaskarhazarika1822 ปีที่แล้ว

      God bless you

    • @amarjyotisaikia2272
      @amarjyotisaikia2272 ปีที่แล้ว +2

      @Comedy FF MY YT Channel congratulations

    • @bnjn5135
      @bnjn5135 ปีที่แล้ว

      @Comedy FF MY YT Channel dudiniya dharma kak koy he mahasay

    • @bnjn5135
      @bnjn5135 ปีที่แล้ว +1

      @Comedy FF MY YT Channel boisnav dharma arthat eksaran mam dharma sangkardev a srishti karisil gurujonak gali pari mahapapor Kam krsa

    • @shymantakoch1305
      @shymantakoch1305 ปีที่แล้ว +3

      Comedi ff tuk mukht muto

  • @babitadas2630
    @babitadas2630 ปีที่แล้ว +44

    অসমৰ চাৰা আলি ❤️❤️❤️ তাইৰ মুখ খন এবাৰ দেখিলে চাও চাও লাগি থাকে । ইমান মৰম লগা । তাইক দেখিলেই নিজে নিজে মুখত হাঁহি বিৰিঙি উঠে । আগ বাঢ়ি যোৱা ভনী❤️❤️

  • @rahulj8643
    @rahulj8643 ปีที่แล้ว +215

    কৰিশ্মা আমাৰ গাঁওৰ ছোৱালী, তাই বহুত কষ্ট কৰি আজি ইমান খিনি পাইছে, আজিকালিৰ কিছুমানে বেলেগে কিবা ভাল কাম কৰিলেও দেখিব নোৱাৰে ,নিজে টো একো এটা কৰিব নোৱাৰে ,‌ কৰিশ্মা তুমি আগুৱাই যোৱা ,,, এতিয়া আমি‌ গৌৰৱ অনুভৱ কৰিব পাৰিছো।।।।

    • @hihuboruah9240
      @hihuboruah9240 ปีที่แล้ว

      Rahul 2mi 100% hosa kotha koisa.amar akhomiya kisuman Manuhte amak agbarhi juwa2 ketiyau nbisare. Heikarone 2mar kothat moi akmot.

    • @champaktalukdar248
      @champaktalukdar248 ปีที่แล้ว +5

      Address to diyoksn....Nagara Naam doltir

    • @AnupDas-ti2lz
      @AnupDas-ti2lz ปีที่แล้ว +4

      Karishma Tumi aaguai jwa....aami hday asu 2mr logot

    • @krishnamedhi1886
      @krishnamedhi1886 ปีที่แล้ว +1

      Kot ghrr

    • @krajbabu6438
      @krajbabu6438 ปีที่แล้ว +3

      Ghr kot janaba niki

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 ปีที่แล้ว +4

    ইমান কম বয়সৰ ছোৱালীজনী ইমান সুন্দৰ প্ৰদৰ্শন প্ৰথম দেখিয়ে ভাল লাগিল ৷ আগুৱাই যাওক ৷

  • @mrinmoybarman6582
    @mrinmoybarman6582 ปีที่แล้ว +120

    বহুত বেছি ভাল লাগিল অনুষ্ঠানটো।। ইমান মৰম লগা এটা নাগাৰা দল। তোমালোকে আৰু আগুৱাই যোৱা তাকে কামনা কৰিছোঁ ।

  • @bhimaraosatyapachougule8125
    @bhimaraosatyapachougule8125 ปีที่แล้ว +7

    Wonderful songs...
    Translate in hindi meaning & Marathi...
    From kolhapur (MH)

  • @jonalikalita9212
    @jonalikalita9212 ปีที่แล้ว +6

    মইয়ো নকৈ নোৱাৰিলো ।বহুত বহুত ভাল লাগিল ।মাইনা তুমি change নহবা ।you are angel of God

  • @pompideka567
    @pompideka567 ปีที่แล้ว +8

    তোমাৰ নাম চাই বহুত ভাল লাগিল৷ আশীৰ্বাদ কৰিছোঁ তুমি যাতে আৰু আগুৱাই যোৱা ৷🙏🙏

  • @pranamikahaloi6398
    @pranamikahaloi6398 ปีที่แล้ว +127

    বিচাৰি আছিলোঁ এই মৰম ছোৱালীজনীক এনেকৈ চক্ৰপানি দাৰ লগত ❤️

  • @goswami16bipul18
    @goswami16bipul18 ปีที่แล้ว +6

    সুন্দৰ হৈছে । ভৱিষ্যত উজ্জল কামনা কৰিলো ।আশা কৰিছো এনে উত্তৰ প্ৰজন্মই অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব পাৰিব

  • @digantanath148
    @digantanath148 ปีที่แล้ว +4

    সুন্দৰ অতি সুন্দৰ লাগিছে,ভগৱানে আগলৈকে প্ৰতিটো খুযতে সহায় কৰক ,আগুৱাই যোৱা তাকে কামনা কৰিলো 🙏

  • @panapmedhi4337
    @panapmedhi4337 ปีที่แล้ว +4

    প্ৰথমতে মই চক্ৰপাণি পৰাশৰৰ লৈ ধন্যবাদ দিবয় লাগিব কাৰণ তেখেতৰ কাৰণে আমি ইমান খিনি ভঙ্গীমাৰ দেখিলো সকলো নাম ধৰ্মিলৈ অশেষ ধন্যবাদ জনালোঁ

  • @susmitatalukdar5111
    @susmitatalukdar5111 ปีที่แล้ว +5

    ধন্যবাদ দাদা..এওলোকৰ নাম সম্পু্ৰ্নকৈ চাব বৰ ইচ্ছা আছিল আপোনাৰ কাৰনে দেখিলো আৰু অলপো স্কিপ নকৰাকে চালো খুব ভাল পালো..ভন্তী তোমালোক আৰু আগুৱাই যোৱা..

  • @drdas1095
    @drdas1095 11 หลายเดือนก่อน +2

    বহুত ভাল লাগিল সম্পূৰ্ণ অনুষ্ঠানতো উপভোগ কৰি । মাত্ৰ বেচি ৰস পালো চক্ৰপাণীৰ বিয়া খন পাতিব খোজা বাবেহে । আকৰি জনী । ভগৱানে মঙ্গল কৰক।🕉🕉😊😊😊

    • @paramadeka8429
      @paramadeka8429 11 หลายเดือนก่อน

      49:47 bahut bhal lagil pagrem to sai

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 ปีที่แล้ว +3

    বহুত বহুত ভাল লাগিছে নাগাৰা দলটি, বৰ সুন্দৰ হৈছে বিশেষ কৈ কৰিশ্মা নাথৰ voice টো সুনিলে সুনি থাকিবলৈ মন যায়, এই দলটি আগবঢ়ি যাওঁক তাৰেই ভগবানৰ ওচৰত প্ৰাথনা কৰিলো

  • @jumikakati1928
    @jumikakati1928 ปีที่แล้ว +1

    Bohut besi Val lagil program tu sai.... logote Karishma tumi khub dhuniya,hahi tu bor morom loga logote kothakhinio...ru aguwai joa...ru val hok tomar naam...

  • @gobindalahkar3218
    @gobindalahkar3218 ปีที่แล้ว +14

    বাপৰে একেবাৰে ষ্টুডিঅৰ মজিয়াত,ভাল লাগিল

  • @dilipnath5754
    @dilipnath5754 ปีที่แล้ว +2

    অতি সুন্দৰ নাগৰা নাম। আটাইকেইজন লৈ আন্তৰিক অভিনন্দন জনাইছো। লগতে উজ্জ্বল ভবিষ্যতৰ বাবে আশীৰ্বাদ দিলো।

  • @djd9278
    @djd9278 ปีที่แล้ว +244

    বহুত দিনৰ মূৰত Skip নকৰা সম্পূৰ্ণ অনুষ্ঠান এটা উপভোগ কৰিলোঁ।।😍😍😍❤️❤️❤️

  • @kalpananeog3532
    @kalpananeog3532 ปีที่แล้ว

    চক্ৰপাণি পৰাশৰে আঁত ধৰা আৰু কৰিস্মা নাথৰ লগতে মিলিজুলি পৰিয়ালৰ সংগীবৃন্দই পৰিবেশন কৰা বহা আৰু থিয় নাম ভাগ চাই বৰ ভাল লাগিল , লগতে পাঠিকা কৰিস্মা নাথৰ বহুমুখী প্ৰতিভা দেখি আপ্লুত হ'লো, সহজ-সৰল কথা-বতৰা, নৃত্যৰ লয়-লাস, গোটেই অনুস্থানটোৰ সুন্দৰ আৰু মনোমোহা উপস্থাপন এই আটাইবোৰতে,মোৰ লগতে আমাৰ পৰিয়ালৰ সকলো সঁচাকৈয়ে মুগ্ধ হ'লো,,,,, চক্ৰপাণি পৰাশৰৰ লগতে কৰিস্মা আৰু দলটোৰ সকলো সদস্যলৈ মোৰ হিয়াভৰা মৰম, আশীৰ্বাদ আৰু অলেখ অযুত শুভকামনা জনালোঁ, আৰু আগুৱাই যোৱা,অন্তৰৰে তাৰেই কামনা কৰিছোঁ,,,,,,

  • @jitendrarabha4660
    @jitendrarabha4660 ปีที่แล้ว +37

    অনুষ্ঠানটো উপভোগ কৰি খুবেই ভাল লাগিল৷নামদলটিলৈ বহুত বহুত শুভেচ্ছা জনালোঁ৷

    • @dolideka6216
      @dolideka6216 ปีที่แล้ว

      Bahut bahut bhal lagil

  • @dipaksaikia5100
    @dipaksaikia5100 ปีที่แล้ว +2

    সুন্দৰ মাজনী,
    তুমি আগবাঢ়ি যোৱা । আমাৰ আশীৰ্বাদ আছে । ভগৱান মঙ্গলময় হওক !

  • @surajitsaikia999
    @surajitsaikia999 ปีที่แล้ว +38

    ছোৱালী জনী মৰম লগা বাবে ভালেই লাগিছে।ছোৱালী জনী ধুনীয়া বাবেই সেই ছেন্টিত সকলোৱে তাইক আদৰি লৈছে অৰ্থাৎ যিসকলে ভাল পাইছে।কিন্তু সেইবুলিয়ে কিবা এটা ভুল উপস্থাপন কৰিলেও কি আমি শুদ্ধ হৈছে কম নেকি? যদি দিহা নামত বিয়া নাম ভৰাই তেতিয়াহলে খোল বুলি ঢোলটো বজোৱা একেই নহবনে? এখন ভাওনাত আমি জানো খোলৰ ঠাইত ঢোল বজাম। মই তেওঁলোকক বেয়া কমেণ্ট কৰিব বিচৰা নাই আৰু তেনে মানুহ নহয় কেৱল এই সাধাৰণ জ্ঞানখিনি থাকিব লাগে নতুবা কোনো এজন ডাঙৰ মানুহ বা জনা শুনা মানুহ নোলাল নেকি ছোৱালী জনীক শিকাবলৈ। এইবোৰ আমিও সৰুৰে পৰা দেখি আহিছো আৰু গাই আহিছোঁ কিন্তু তাত কিছুমান প্ৰতিটো বস্তুৰে নীতি নিয়ম থাকে ,প্ৰতিটো বস্তুৰে ছাল চলন ধ্যান ধাৰণা আৰু সুৰ তাল লয় বেলেগ বেলেগ। কিন্তু জীৱনত প্ৰথম দেখিছোঁ ইমান আচৰিত কিবা এটা । এইটো প্ৰকৃততে কি হয় একো বুজি পোৱা নাই ,দিহা নাম,বিয়া নাম, ওজাপালি নে বেলেগ? তেওঁ আমি অতীজৰে পৰা শুনি অহা আৰু গাই অহা দুই তিনিটা নাম সাংঘাতিক ধৰণে উপস্থাপন কৰিছে যিটো গ্রহণযোগ্য নহয়। এইখিনিয়ে ধৰি ৰাখিব বিচাৰিছে নেকি ভৱিষ্যতৰ বাবে। নাজানিলে শিকিব লাগে আৰু শিকাটো আমাৰ সকলোৰে বাবে ভাল আৰু নিশিকিলে বা অলপ জানিয়েই অতিমাত্ৰা কৰি বিসংগতি কৰি এই সংস্কৃতি ধংস পথলৈ নিয়াতকৈ নাগাব। বাকী কিবা এটা এনেইটো ভালে লাগিছে কাৰণ তাই হাঁহি মুখৰ ছোৱালী। তাতে নাচি নাচি সকলোৰে মন জয় কৰিছে। কিন্তু সুৰ তাল লয় আৰু সংগীত ব্যৱস্থাপনা বহুত বেছি বেয়া কৰিছে। মোৰ বাবে নহয় ভৱিষ্যতৰ বাবে। চক্ৰপানী দাদাৰ লগত মোৰ ভাল সম্পৰ্ক। কিন্তু আজি বেয়া লাগিল তেওঁ এনে এটা নিউজ লৈ অহাৰ বাবে। কাইলৈ কোনোবাই কৰবাত কিবা এটা কৰিব সেইটোকো আনি বঢ়াই দিব নেকি ষ্টুডিঅ' ত। প্ৰথমে লক্ষ্যঃ কৰিব লাগে যে সেই কামটো কেনেকৈ কৰিছে। কেৱল অনুষ্ঠানৰ প্ৰচাৰ নিবিচাৰিব। বেয়া লাগিল যঠেষ্ট এনেকৈ কি হব গৈ আছে আমাৰ লোক সংস্কৃতি বুজা নাই। যিসকল অন্ধ তেওঁলোকে হাতত হাত চাপৰি বজাই এই নাম শুনিব কাৰণ তেওঁলোকে এই বিষয়ত একো বুজিব নিবিচাৰে জানিব নিবিচাৰে আৰু শিকিবও নিবিচাৰে কেৱল যি দেখিছে সেয়াই তেওঁলোকৰ বাবে সৰ্বোচ্চ। লিখোঁতে শব্দৰ ভুল হব পাৰে ক্ষমা কৰিব। এজন সংগীত আৰু নৃত্য ব্যক্তি হিচাপে মই মোৰ ব্যক্তিগত অনুভৱ আগবহাইছোঁ। নকলো হয় কিন্তু তেওঁ ভুল খিনি কবলৈ কৈছে সেইবাবে মই কবলৈ বিছাৰিলোঁ। দিহা নাম , বিয়া নাম , আই নাম, এইবোৰ শুনিব বিচাৰিলে আহিব আমাৰ এই ফালে।(শিৱসাগৰ) আমি সুনাম। আমাৰ উদ্দেশ্য ভৱিষ্যতে ধৰি ৰখাৰ কিন্তু আমাৰ উদ্দেশ্য নহয় যে কিবা এটা অদ্ভুদ কৰি বে-সুৰা গাই নিজকে টেলিভিছনত অথবা ৰাইজৰ আগত প্ৰতিষ্ঠিত কৰা।

    • @satyaborkoch6596
      @satyaborkoch6596 ปีที่แล้ว +2

      Borbad kori dile namonir glae

    • @dimpi2167
      @dimpi2167 ปีที่แล้ว

      Akebare hudho kotha kola tumi. Moiu tumar hoite akmot. Vul tuk vul buli koboloi xahokh lagibo. Notun projonmok abate nibo. Aibilak val hua nai..baki suali joni morom loga. Kunubai taik hudhorai diok.

    • @jinuchawrok9178
      @jinuchawrok9178 ปีที่แล้ว +1

      ভালকৈ শুনিলোঁ কাণ পাতি কি গাইছে বুলি । বিয়ানাম বুলি জনাৰ পিছত নিজকে প্ৰশ্ন কৰিছোঁ কি এনে বাদ্য লৈ বিয়া নাম গাই জানো বুলি ? নিজকে প্ৰশ্ন কৰাৰ পিছত কমেণ্টবোৰ পঢ়িলোঁ , ৰাইজে কি ধৰণে আদৰি লৈছে ? সঁচাই আপুনি ঠিক কথা কৈছে ।

    • @shivay5177
      @shivay5177 ปีที่แล้ว +7

      @@satyaborkoch6596 borbad kraa buli kbo nalge nagara naam Namonire a sankrisiti , ujoni r akol diha naam ha baki , nagara naam , thio naam , mainly namonir sanskriti ।।।।borbad kra ni thikei ase haa kinto hihte only bia naam a hunaise without context so troll hoise ।।।। Kinto jetia bhagabanr naam gaai jene Sri krishna Rukmini r biya ktha gaaote ba shiva parbatir biya gaaote o bia naam r kisuman diha dia ।।। Baa jetia shri krishna k yashoda ma i nisukai tatia nisukoni geetr o diha dia।।।

    • @dipadas819
      @dipadas819 ปีที่แล้ว +2

      mat kintu akebare beya

  • @sabitakalita7065
    @sabitakalita7065 26 วันที่ผ่านมา

    সুন্দৰ পৰিবেশন। কৰিশ্মা যতেই থাকে ঠাই খিনি পোহৰ হৈ থাকে।❤

  • @bivasaikia1987
    @bivasaikia1987 ปีที่แล้ว +16

    জয় গুৰু শঙ্কৰ । কনমাণি জনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

  • @Balamurali8039
    @Balamurali8039 ปีที่แล้ว +1

    আপোনা লোকৰ সুন্দৰ মনোমোহা নাম শুনি চাই বৰ ভাল‌লাগিছে‌ কৃষ্ণ কৃষ্ণ

  • @reemadas5794
    @reemadas5794 ปีที่แล้ว +34

    তাইৰ কথা - বতৰাৰ পৰা আৰম্ভ কৰি সকলো ইমান বেছি আকৰ্ষণীয় ❣️

  • @BipinGusain-lt6ww
    @BipinGusain-lt6ww 9 หลายเดือนก่อน

    Wonderful... Since I from Uttrakhand.. But realy I enjoy the coordination... N rhythm of the song... Wish u all sisters... Happy n successful life in coming future..

  • @tarangadeka7086
    @tarangadeka7086 ปีที่แล้ว +17

    বৰ ধুনীয়া হৈছে। আগলৈ আৰু আগুৱাই যোবা । অশেশ মৰম আৰু শুভেচ্ছা থাকিল সমুহ দলটিলৈ ।

  • @ananyatinikuriaofficial
    @ananyatinikuriaofficial ปีที่แล้ว +2

    তাইৰ কথাবোৰ ইমান মৰম লগা ৷ দেখিবলৈও বৰ মৰম লগা ৷ নাগাৰা নামক লৈ তাই যি যত্ন কৰিছে সেয়া আগলৈও চিৰ প্ৰৱাহিত হওক ৷

  • @k.d.b5760
    @k.d.b5760 ปีที่แล้ว +21

    আজিৰ পৰা প্ৰায় পাঁচ বছৰৰ আগতে Karishma r ঘৰত গৈ অনুষ্ঠান এটা কৰিছিলো, তেওঁৰ নাগাৰা নাম দেখি সঁচাকৈয়ে অভিভূত হৈছিলোঁ...

  • @upendrasaharia3578
    @upendrasaharia3578 10 หลายเดือนก่อน +1

    Jai shree Ram Jai ho Karishma nath

  • @rashmiborah9138
    @rashmiborah9138 ปีที่แล้ว +16

    বহুত বেছি ধুনীয়া গাইছে। আগুৱাই যোৱা এনেদৰে 👍❤🙏

  • @bulbulisarmah1530
    @bulbulisarmah1530 2 หลายเดือนก่อน

    ❤❤❤কৰিশমাৰ লগতে আপুনি চাপৰি মৰাৰ বাবে বহুত বহুত ধন্যবাদ পৰাসৰ দা❤❤❤❤❤❤❤

  • @computerknowledge3538
    @computerknowledge3538 ปีที่แล้ว +10

    সচাকে এটা ব্যতিক্ৰমী প্ৰয়াস ব্যতিক্ৰমী চিন্তা খুবেই ভাল লাগিছে আগবাঢ়ি যোৱা তাৰে কামনা এদিন তোমাক মোৰ চোতালত মাতি নাম পৰিবেশন কৰাম।।
    ধন্যবাদ।।

  • @sabitathakuria8237
    @sabitathakuria8237 ปีที่แล้ว +1

    বহুত বহুত ভাল লাগিল কৰিশ্মা নাথৰ অভিনয় চাই একদম স্কিপ নকৰাকৈ চালো ভিডিঅ টো

  • @GYANAMzVlog
    @GYANAMzVlog ปีที่แล้ว +7

    এয়াই বাৰেৰহনীয়া অসমীয়া সংস্কৃতি...অতি সুন্দৰ

  • @manowarhussain1235
    @manowarhussain1235 ปีที่แล้ว +2

    খুৱ ভাল লাগিল অনুষ্ঠানটো চাই।জয় গুৰু শংকৰ।

  • @himadrisaikiahimu
    @himadrisaikiahimu ปีที่แล้ว +3

    বৰ ভাল লাগিল অনুষ্ঠানটো। 👌👌 ছোৱালী জনীৰ কথাবোৰ ভাল লাগে।♥️

  • @barnalideka6511
    @barnalideka6511 ปีที่แล้ว +2

    বহুত মৰম লগা তুমি কৰিশ্মা ,ভগৱানে ভালে ৰাখক ,আগুৱাই যোৱা🙏🙏🙏

  • @sukanyasaikia
    @sukanyasaikia ปีที่แล้ว +3

    Bohut din murot ata dhunia program upovug korilu ❤keep it up Karishma 👍

  • @debrajbori1559
    @debrajbori1559 ปีที่แล้ว

    কৰিশমা এজনি ধুনীয়া ছোৱালী। শুনিবলৈ ভাল লাগিছে। ধন্যবাদ।

  • @udeshnaray4817
    @udeshnaray4817 ปีที่แล้ว +5

    অনুষ্ঠানটো চাই বৰ ভাল লাগিল। মোৰ আপোনালৈ এক বিশেষ অনুৰোধত আছে আপোনাৰ বাৰ্তালাপ অনুষ্ঠানটোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটা বাৰ্তা প্ৰেৰণ কৰিবচোন CBSEৰ ছাত্ৰ ছাত্ৰী সকলক কিয় শৈক্ষিক পুৰস্কাৰ নিদিয়ে।

    • @sainybb462
      @sainybb462 ปีที่แล้ว +1

      Aiyo kle lge puroskar 😂😂

  • @numalnath786
    @numalnath786 ปีที่แล้ว +3

    অনুষ্ঠান টি উপভোগ কৰি খোবেই ভাল লাগিল
    নামৰ দ'লতো লৈ বহুত বহুত শুভেচ্ছা থাকিল 🙏🌹🌹🌹

  • @allrounderhumen
    @allrounderhumen ปีที่แล้ว +11

    ধেমাজি কেন্দ্ৰীয় হৰিনাম দলটিক ও আমন্ত্ৰণ কৰিব চোন

  • @soldierkrishnath95
    @soldierkrishnath95 ปีที่แล้ว +35

    জয় গুৰু শংকৰ 🙏 মৰমলগা ভন্টি জনীলৈ বহুত বহুত মৰম আৰু শুভ কামনা থাকিল। লগ পাম সোনকালে।

  • @karabikroy8795
    @karabikroy8795 ปีที่แล้ว +19

    খুব সুন্দৰ অনুষ্ঠান .... কৰিশ্মালৈ শুভকামনা থাকিল মৰমলগা ছোৱালী ... ..আৰু পৰাশৰ দা .. আপুনি খুব সুন্দৰ কৈ কথাবোৰ কয় বৰ ভাল লাগে ...

  • @niharranjannath3204
    @niharranjannath3204 ปีที่แล้ว +11

    Great great performance by team karishma.... I am expressing my heartfelt congratulations to your great team spirit

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 ปีที่แล้ว +4

    Best performance, mind-blowing dadication . Well done Miss ! U are admireable for Assam . Go ahead don't Beck. U have a bright future. "God blessed you''🪔💥

    • @narrouttamdas2972
      @narrouttamdas2972 ปีที่แล้ว

      Najanile oxomiya te likhok sun. Gutei spelling vul. Kio show off kora he?

  • @lookingforward600
    @lookingforward600 10 หลายเดือนก่อน +1

    Love from Odisha ❤

  • @rimadas-vm5id
    @rimadas-vm5id ปีที่แล้ว +11

    এইয়া দৰংৰ গৌৰৱ,,, আগুৱাই যোৱা 🙏🙏

  • @manashideka2745
    @manashideka2745 ปีที่แล้ว +7

    কৰিশ্মা নাম ভালপাওঁ। সৰুতে ময়ো গাইছিলো। তুমি ভয় নকৰিবা। কিবা ভূল হ'ব পাৰে। শিকি বুজি শুধৰাই লৈ আগুৱাই যোৱা। আমি আছো তোমাৰ স'তে।💚

  • @ranginxopun775
    @ranginxopun775 ปีที่แล้ว +14

    কথাবোৰ সচাকৈ বৰ সুন্দৰকৈ কয় ছোৱালীজনীয়ে ...বৰ ভাল লাগিল অনুষ্ঠানটো চাই..😍

  • @RjBV122
    @RjBV122 ปีที่แล้ว +1

    My childhood days was in Guwahati and just came accross this video. Lovely. Really Felt Nostalgic 😊

  • @bijoysaikia3358
    @bijoysaikia3358 ปีที่แล้ว +3

    বহুত ভাল লাগিল। আৰু আনন্দমনেৰে আগুৱাই যাওঁক। ভগৱানে সকলোকে কুশলে ৰাখক।

  • @indrajitnath2951
    @indrajitnath2951 ปีที่แล้ว +1

    💙💙💙 nam Aru swali joni 😚 khubei morom loga

  • @porismitasonowal5447
    @porismitasonowal5447 ปีที่แล้ว +10

    খুব সুন্দৰ অনুষ্ঠান ভাল লাগিল ❤️👍👍

  • @nabanita4496
    @nabanita4496 ปีที่แล้ว +1

    Dhuniya sister tomar lgte.doltir ataikejonaloi xhuvessa thkil anekoi. Aguwsi jowa mr o bht.hepah.asil nam khikar kinto xhubidh.nplo so i like nam

  • @Gagandas07
    @Gagandas07 ปีที่แล้ว +6

    কেতিয়াবা ৰামচৰণ ভৰালী দেৱেকো মতিব , তেতিয়াহে প্ৰকৃত নাম উপভোগ কৰিব পাৰিব , নাম সম্পৰ্কে ৰাইজে জ্ঞান লাভ কৰিব ।

  • @kalyanphukan9816
    @kalyanphukan9816 ปีที่แล้ว

    বহুত সুন্দৰ Karishma . আগ বাঢ়ি যোৱা। বহুত সুন্দৰ পথ।

  • @apurbabhuyan7365
    @apurbabhuyan7365 ปีที่แล้ว +6

    সুন্দৰ হৈছে আৰু আগুৱাই যোৱা 🙏🙏🙏

  • @navajyotigogoi4602
    @navajyotigogoi4602 ปีที่แล้ว +15

    চক্রপাণি দাক ধন্যবাদ, এনে এটি অনুষ্ঠান অনুষ্ঠিত কৰা বাবে, বহুতেই ভাল লাগিল।

  • @jayantaburagohain4098
    @jayantaburagohain4098 ปีที่แล้ว +11

    ভাল শুনিলেই ভাল বুলি কব নুৱাৰি,ভুলবোৰ যেন শুধৰাই লব

  • @kalporabha4057
    @kalporabha4057 ปีที่แล้ว +2

    আমাৰ সমনিও কৰিশ্মা নাথ আগলৈ যাব পাৰে👍❤️

  • @sushmitadeka6483
    @sushmitadeka6483 ปีที่แล้ว +4

    নাগাৰা নাম মোৰ বহুতেই প্ৰিয়। শেষৰ তাল নাগাৰাৰ শব্দত দেহ মন নাচি উঠে। তোমালোক আগুৱাই যোৱা।

  • @kumudnath7912
    @kumudnath7912 ปีที่แล้ว

    বহুত বহুত ভাল লাগিল দাদা আপুনী তেওঁৰ অনুস্থান ভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সিধান্ত লোৱাৰ বাবে..
    .আগলৈও এনেদৰেই অনুস্থান চাবলৈ পোৱাৰ আশাৰে বাট চাই ৰলো

  • @prafullanath471
    @prafullanath471 ปีที่แล้ว +30

    তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @Jhonnysins785
    @Jhonnysins785 ปีที่แล้ว +1

    এজনী অসমীয়া ছোৱালীৰে আমাৰ জাতিৰ মান সন্মান ৰক্ষা কৰিব বিছাৰিছে।আমাৰ এচাম লোকে তাইক সমালোচনা কৰি ফুৰিছে।আপোনালোকে মানে তাইক পাঠান গানত নাচি দেখোৱা হ'লে ভাল পালে হয়।

  • @digantaray4704
    @digantaray4704 ปีที่แล้ว +51

    দেখাত বেয়া লাগিলে ঘেন্টাও তাইক কোনেও নুসুধিলে হয় । চিৰসত্য কথা । যিমানেও মিঠা নামাতক কিয় ! 😐😐😐😐😐

  • @zubeelandzgargmusic2220
    @zubeelandzgargmusic2220 ปีที่แล้ว +2

    কৰিশ্মা আৰু দলটিলৈ আন্তৰিক শুভ কামনা জনাইছোঁ

  • @pranamibania5248
    @pranamibania5248 ปีที่แล้ว +6

    Wonderful performance by Karishma and her.We are proud of you all.They are going to uphold our cultural values.Overall one of the best program by the team

  • @kalpanatalukdar8343
    @kalpanatalukdar8343 ปีที่แล้ว +1

    Aag barhi jua vonti. Probhui sokolure mongol korok.

  • @jadumonigogoi1605
    @jadumonigogoi1605 ปีที่แล้ว +82

    কৰিশ্মাৰ লগতে দলটিৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা৷ সফলতাৰে আগবাঢ়ি যাওক৷

  • @archanadutta805
    @archanadutta805 ปีที่แล้ว +2

    Very nice Song Krisma Nuth

  • @utpaltalukdar9976
    @utpaltalukdar9976 ปีที่แล้ว +15

    বহুত ভাল লাগিল অনুষ্ঠান তো দাদা ৷ ❤️❤️❤️

  • @jurisaikia8852
    @jurisaikia8852 ปีที่แล้ว

    Bohut morom loga suali joni... kothabur...❤️🌻

  • @neetagoswami2665
    @neetagoswami2665 ปีที่แล้ว +4

    খুব সুন্দৰ। বহুত বছৰৰ মূৰত নাগাৰা নাম পুণৰ জনপ্ৰিয় হৈছে। দলটিলৈ শুভেচ্ছা জনাইছোঁ।কৰিশ্মাই ভুলবোৰ বিজ্ঞ জনৰ পৰা শিকি শুধৰাই লৈ আগবাঢ়ি যাওক।

  • @upendrasaharia-c5m
    @upendrasaharia-c5m 2 หลายเดือนก่อน

    অতি সুন্দৰ হৈছে

  • @devasaikia1634
    @devasaikia1634 ปีที่แล้ว +10

    অনুষ্ঠান টি উপভোগ কৰি বহুত ভাল লাগিল। কৰিষ্মা ভণ্টি আৰু সংগীবৃন্দলৈ বহুত বহুত শুভ কামনা জনাইছো...

  • @sanjibkumarnath8300
    @sanjibkumarnath8300 ปีที่แล้ว

    দাদা আপোনাক এইবোৰ কাৰণতে ভাল লাগে।। সঁচাকৈ।।। আপোনাৰ সকলো অনুষ্ঠান মই চাও।। উপযুক্ত ব্যক্তিৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আপোনালোকে এখন মঞ্চ দিয়ে।।।।thanku dada,,,

  • @mridulahazarika8244
    @mridulahazarika8244 ปีที่แล้ว +5

    প্ৰকৃত নাগাৰা নাম যেন হেৰাই নাযায় । গুৰুজনাই হিন্দী গানৰ সুৰ দিছিল বুলি আজিহে শুনিলোঁ ।

  • @janardankaman6824
    @janardankaman6824 ปีที่แล้ว

    বহুত ভাল লাগিল
    From bangaluro

  • @barnalipathak3084
    @barnalipathak3084 ปีที่แล้ว +5

    Very sweet and adorable to watch her Nagara name.I saw her first time and today whole day I watched her show.Long way to go.Ashirwad thakile.

  • @minakshibora8417
    @minakshibora8417 ปีที่แล้ว

    বহুত বেছি ধুনীয়া তুমি আৰু তোমাৰ team টো ইমান ধুনীয়া কে পৰিবেশন korisaaaa 🥺❤️

  • @বলিনদাপোন
    @বলিনদাপোন ปีที่แล้ว +3

    ক'ব নোৱাৰা এক অপুৰ্ব সুন্দৰ । আৰু আগুৱাই যোৱা।

  • @eloraborah4643
    @eloraborah4643 ปีที่แล้ว

    ছোৱালীজনী মৰম লগা আৰু হাঁহিটো ইমান ধুনীয়া।ভাল লাগিছে মই সদায় চাওঁ।

  • @bishnubaruah9983
    @bishnubaruah9983 ปีที่แล้ว +9

    ।।হৰি নাম মোৰ হৃদয়ত আছে।। কিন্তু কিবা যেন
    খতম, বৰবাদ ।
    কলি যুগ শেষ হৈ কল্কী যুগ আহো আহো অৱস্থা !

  • @letslive3498
    @letslive3498 ปีที่แล้ว

    Nam, taali, hahi, sir, ata ata sundar tumar dhunujoni.... Iman morom lagise, iman hundar poribek sisti korara babe bahut bahut dhanyavaad tumak...

  • @boby.tikuvlogs205
    @boby.tikuvlogs205 ปีที่แล้ว +4

    ভাল লাগিল চক্রপানি দাদাৰ জৰিয়তে এই মৰম লগা ছোৱালী জনিক ছাৱলৈ পালো ❤❤

  • @SurendranathBaishya
    @SurendranathBaishya 8 หลายเดือนก่อน

    Excellent performance.

  • @rinamoniborthakur698
    @rinamoniborthakur698 ปีที่แล้ว +3

    সঁচাকৈয়ে বৰ সুন্দৰ পৰিৱেশন কৰিছে কৰিশ্মাই। ভাল লাগিল অনুষ্ঠানটো চাই।কৰিশ্মাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @ritukalita8025
    @ritukalita8025 ปีที่แล้ว +1

    বা‌ জনিলৈ বহুত বহুত মৰম আৰু ধন্যবাদ 🙏🙏🙏

  • @upashonaboruah5726
    @upashonaboruah5726 ปีที่แล้ว +5

    🙏 কৃষ্ণ সুন্দৰ অতি সুন্দৰ 👌👌❤️❤️💖💖

  • @Dee-kk8pe
    @Dee-kk8pe ปีที่แล้ว +1

    Sara Ali Khan's split version ☺️bohut bhal lagil , gai jua ♥️

  • @milidutta9151
    @milidutta9151 ปีที่แล้ว +3

    ধুনীয়া আৰু প্ৰশংসনীয় পদক্ষেপ

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว

    পোনপ্ৰথমে চক্ৰপাণি দাক ধন্যবাদ জনাইছো
    মিলিজুলি নাগাৰা নামটোৰ বিষয়ে কবলৈ একো ভাষা নাই আজিৰ প্ৰজন্মৰ তাত আকৌ ছোৱালী নাগাৰা নামৰ দৰে এটা পবিত্ৰ আধ্যাত্মিক কৰ্মত মন মেলিছে তাতকৈ আৰু ডাঙৰ কথা একো হব নোৱাৰে। সাতাম পুৰুষীয়া নাগাৰা নামৰ মূল সুতিটো এওঁলোকৰ দৰে ছোৱালীয়ে ধৰি ৰাখিব লাগিব.. মোতকৈ বয়ষত সৰু হব যিহেতু ভন্টি বুলিয়ে কৈছোঁ কৰিশ্মা তোমাক যুনে যি বেয়াকৈ কয় সেইসকল লোকৰ কথাত নিৰাশ নহবা কাৰণ এনেকুৱা এচাম মানুহে কোনো মানুহৰ উন্নতি দেখিলে কেঁকোৰা দৰে চেপি তলত নমাবো বিচাৰে.. তোমালোক মিলিজুলি নাগাৰা নামটো ভালদৰে চলাই লৈ যোৱা আমি আছো তোমালোকৰ লগত... কৰিশ্মাই যেনেকুৱা ভঙ্গিমাৰে পৰিবেশন কৰে মুখত এটা মিচিকিয়া হাঁহি লৈ তাত একো তাই দেখিবলৈও এজনী ধুনীয়া ছোৱালী হয়... তোমাৰ পঢ়াশুনা লগতে নাগাৰা নামটোও সমানে ভালদৰে চলাই লৈ যোৱা... তুমি যাতে গোতেই বিশ্বতে ছোৱালী নাগাৰা নাম হিচাপে পৰিচিত হোৱা... তোমাৰ লগতে তোমাৰ ভন্টি আৰু তোমাৰ পৰিয়াল বৰ্গৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ... 💖💖💖💖

  • @RN95063
    @RN95063 ปีที่แล้ว +7

    Love her❤️❤️❤️She is🔥🔥🔥🔥

  • @eunusalijajori
    @eunusalijajori ปีที่แล้ว +2

    নাগাৰ নাম বিষয় নাজানো ।বহুতে ভাল লাগিল শুভেচ্ছা জনালোঁ। প্ৰতিভা থাকিলে বিকশাই উলিয়া আনিবলৈ সাহস কৰা বাবে পুনৰ বা ধন্যবাদ জনালোঁ।

  • @pradipgogoi3182
    @pradipgogoi3182 ปีที่แล้ว +5

    সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল।সকলোলৈকে আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ।

  • @uttamrajbonshi1290
    @uttamrajbonshi1290 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম সুন্দৰ হৈছে আগলৈও আগবঢ়াই নিয়া