আহোমসকলৰ পৰম্পৰাগত "সাঁজ" কেনেকৈ প্ৰস্তুত কৰা হয় চাওঁ আহক

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.พ. 2025
  • অসম বিভিন্ন জাতি - জনগোষ্ঠীৰ মিলনভূমি । প্ৰতিটো জাতি - জনগোষ্ঠীৰে নিজা নিজা কৃষ্টি - সংস্কৃতি আছে। সেইদৰে আহোমসকলৰো নিজা সংস্কৃতি আছে । আহোম সকলৰ এক পৰম্পৰাগত পানীয় হ'ল " সাঁজ " । এই পানীয়বিধ প্ৰস্তুত কৰিবৰ বাবে বিভিন্ন বস্তুৰ প্ৰয়োজন হয় । তাৰে ভিতৰত উল্লেখযোগ্য বস্তুবোৰ হল - বৰা চাউল , বিভিন্ন ধৰণৰ বনৌষধ আৰু চাউলৰ গুৰিৰে নিৰ্মিত পিঠা , কলৰ পটোৱা আৰু প্ৰয়োজনীয় পাত্ৰ সমূহ । প্ৰথমে বৰা চাউল খিনি কিছুদেৰি‌ পানীত তিয়াই ৰাখি পিছত এটা খৰাহীত লৈ জুই ওপৰত এটা পাত্ৰত বহাই লৈ চেৱা দিয়া হয় । পৰৱৰ্তী সময়ত চাউল খিনি সিজাৰ পিছত ঠাণ্ডা কৰি দৰৱেৰে নিৰ্মিত পিঠাৰে সানি এটা কলহত ৰাখি থোৱা হয় আৰু ছয় - সাত দিনৰ পিছত ৰহী বা সাঁজ খিনি খাব পৰা হয়। এনেদৰে আহোমসকলৰ পৰম্পৰাগত সাঁজ প্ৰস্তুত কৰা হয় ।

ความคิดเห็น • 14