Let's visit Malini Than, মালিনী মেলা চাওঁ

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • মালিনী থান উত্তৰ-পূব ভাৰতৰ দ্বিতীয় বৃহৎ শক্তিপীঠ ৰপে জনা যায়। বর্তমান অৰুণাচল প্রদেশৰ ছিয়াং জিলাৰ দক্ষিণে লেখাবালি মহকুমাৰ অন্তৰ্গত ছিয়াং পাহাৰৰ পাদভূমিত এই থানখন অৱস্থিত। এই থানখনৰ প্ৰাচীন স্থাপত্যই নিশ্চিতভাৱে প্রাচীন অসমৰ ধৰ্মবিশ্বাস, ভাস্কৰ্য আৰু বুৰঞ্জীমূলক ঐতিহ্য বহন কৰি আহিছে। অসমৰ ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা ই উত্তৰে প্ৰায় সাত কিলোমিটাৰ দূৰত অৱস্থিত।
    'মালিনী থান' নামটোৰ উৎপত্তিৰ লগত কেইবাটাও আখ্যান জড়িত হৈ আছে। এক আখ্যানমতে দ্বাৰকাৰ কৃষ্ণই বিদৰ্ভৰাজ ভীষ্মকৰ জীয়াৰী ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ লৈ যাওঁতে এই স্থানতে জিৰণি লৈছিল। সেই স্থানতে মহাদেৱ শিৱ আৰু পাৰ্বতীয়ে তেওঁলোকক ফুলৰ মালাৰে আদৰণি জনাইছিল। পার্বতী (দুর্গা)ৰ অতিথ্যত সন্তুষ্ট হৈ কৃষ্ণই তেওঁক মালিনী (ফুলনিৰ গৰাকী) নামেৰে বিভূষিত কৰিছিল আৰু পৰৱৰ্তী সময়ত এই স্থানখনক 'মালিনী থান' বুলি জনা গৈছিল। আন এক আখ্যানমতে এই অঞ্চলত এসময়ত নানা ফুলেৰে এখন উপবন আছিল আৰু তাত কেইগৰাকীমান মালিনী আছিল। ইয়াৰে এগৰাকী মালিনী মহাদেৱৰ শিৱৰ প্ৰেমত পৰাত আৰু পাৰ্বতীয়ে সেই কথা জানিব পাৰি মালিনীক শাপ দিয়ে। পাৰ্বতীৰ শাপত মলিনীয়ে এই স্থানতে মস্তক হেৰুৱাইছিল আৰু পাছত এই স্থানৰ নাম মালিনী থান হৈছিলগৈ।
    মালিনী থান একক মন্দিৰ নহয়, আৱিষ্কৃত হোৱা স্থাপত্য আৰু ভাস্কৰ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্নতত্ত্ববিদসকলে ক'ব বিচাৰে যে ইয়াত এসময়ত কেইটামান মন্দিৰ আছিল বা একেটা মন্দিৰতে দুর্গা, শিৱ, গণেশ আৰু সম্ভৱত লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল। মূল মন্দিৰটোৰ কাষতে অন্য তিনিটা ভগ্নাংশৱশেষ উদ্ধাৰ হৈছে। আৱিষ্কৃত ভগ্নাৱশেষবোৰে মন্দিৰটো প্রাক্-আহোম যুগৰ বুলি প্ৰমাণ কৰে। কিয়নো, এই থানৰ স্থাপত্য আৰু ভাস্কৰ্যসমূহ শিলৰ। মন্দিৰটো নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হৈছে। সেই সময়ত এই অঞ্চলটো চুটিয়া ৰাজ্যৰ অন্তৰ্গত আছিল বুলি বুৰঞ্জীত উল্লেখ আছে। সেইফালৰ পৰা চাবলৈ গ'লে চুতীয়াসকলেই মালিনীথানৰ মঠ-মন্দিৰসমূহ নিৰ্মাণ কৰিছিল বুলি ভাবিব পাৰি। আনহাতে পুৰাতত্ত্ববিদসকলো খ্ৰীষ্টীয় দশম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে কামৰূপত ৰাজত্ব কৰা পাল বংশৰ ৰজাসকলৰ দিনত এই থান নিৰ্মাণ কৰে বুলি অনুমান কৰে।
    কালিকা পুৰাণৰ ১৮ শ অধ্যায়ত এই আকাশীগঙ্গাৰ বিষয়ে এনেদৰে উল্লেখ আছে-
    যাৱদ্ভুবং গতো ভর্গঃ সমাদায় সতীশিৱম্।
    প্রাচ্যেষু যাজ্ঞিকো দেশস্তাৱদেৱ প্রতীর্তিত।।৪৫
    অন্যে শৰীৰাবয়বা লৱশঃ খণ্ডিতাঃ সুৰৈঃ।
    আকাশ গঙ্গা মগমন পৱনেন সমীৰিতা ।।৪৬
    মালিনী থানক ধর্মীয় পর্যটনস্থলীৰূপে গঢ়ি তুলিব পৰা যথেষ্ট সম্ভাৱনীয়তা আছে। গুৱাহাটীৰ কামাখ্যাধামৰ পিছতে উত্তৰ-পূব ভাৰতৰ মালিনী থানেই সর্ববৃহৎ শক্তিপীঠ। বাসন্তী পূজা উপলক্ষে প্রতিবছৰে মালিনী থানত এখন ডাঙৰ মেলা অনুষ্ঠিত হয়। 'মালিনী মেলা' নামে পৰিচিত ছয়দিন ধৰি চলা এই মেলাখনে পর্যটকসকলক যথেষ্ট আকৰ্ষিত কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি সীমান্তবর্তী এলেকাৰ অসংখ্য লোক এই মেলালৈ আহে আৰু ভাব বিনিময়ৰ লগতে নানা বিধ সামগ্রী ক্রয়-বিক্রয় কৰা হয়। সম্ভৱতঃ ১৯৬৮ চনৰ পৰা এই মেলাখন আৰম্ভ হৈছে আৰু ক্ৰমাৎ বৃহৎ ৰূপ লৈছে। বর্তমান মালিনী থান এক উল্লেখযোগ্য বনভোজ থলী হিচাপেও পৰিগণিত হৈছে। প্রতিবছৰে শীতকালত ইয়ালৈ বনভোজ খাবলৈ অসংখ্য দল সমবেত হয়।
    12/01/2024

ความคิดเห็น • 3